মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সচিবালয় প্ৰশাসন অভিলেখাগাৰ নিৰ্দেশালয়

More
অভিলেখাগাৰ সংগ্ৰহ
অভিলেখাগাৰ পুথিভঁড়াল

মানচিত্ৰসমূহ

অসম ৰাজ্যিক অভিলেখাগাৰত দুৰ্লভ আৰু পুৰণি মানচিত্ৰৰ এক বৃহৎ সংগ্ৰহ আছে। যেনে:-

  • অসম আৰু পাৰ্শ্বৱৰ্তী দেশসমূহৰ ৰাজনৈতিক মানচিত্ৰ
  • অসমৰ বনজ মানচিত্ৰ
  • ৰাজহ মানচিত্ৰ
  • ভৌগোলিক মানচিত্ৰ
  • ১৮৫৩ ৰ পৰা ১৯৪৮ বৰ্ষৰ ভিতৰত অসম আৰু পূব-বেংগলৰ বিভিন্ন চাৰ্কল মানচিত্ৰ।

মানচিত্ৰসমূহৰ বৰ্ণনামুলক তালিকা:

অসমৰ মানচিত্ৰ:

  • ১৮০৭-৭১ আৰু ১৯০৮-০৯ সময়ৰ লক্ষীমপুৰ জিলাৰ ভাগসমূহ
  • ১৮৬৬ ৰ পৰা ১৮৭০ ৰ ভিতৰত লক্ষীমপুৰ জিলাৰ ৰাজহ জৰীপ।
  • ১৮৭০-৭১ চনত সংগ্ৰহ কৰা নগাঁও জিলাৰ ৰাজহ জৰীপ।
  • ১৮৭৮-৮২ সময়ৰ কাছাৰ জিলাৰ ৰাজহ জৰীপ।
  • ১৯০৪-০৫ চনৰ ভিতৰৰ অসম, নগাঁও জিলাৰ বন জৰীপ।
  • ১৯১০-১৩, ১৮৮৪-১৮৯৭ ৰ সময়ৰ কামৰূপ জিলাৰ গুৱাহাটী চক্ৰৰ মানচিত্ৰ।
  • ১৯১৪-১৬, ১৮৮৮-৯৯ বৰ্ষৰ শিৱসাগৰ জিলা গোলাঘাট চক্ৰৰ মানচিত্ৰ।
  • ১৯১৬-১৭, ১৯২৩-২৪ সময়ৰ লক্ষীমপুৰ জিলা আৰু শদিয়া সীমান্তৱৰ্তী অঞ্চলৰ মানচিত্ৰ।
  • কাছাৰ আৰু নগাঁও জিলাৰ মানচিত্ৰ, ১৯২১-২৩
  • গাৰো পাহাৰ, গোৱালপাৰা, খাচী আৰু জয়ন্তীয়া পাৰ্বত্য জিলাসমূহৰ মানচিত্ৰ, ১৯২৬-২৭
  • লুচাই পাৰ্বত্য জিলাৰ মানচিত্ৰ, ১৯৩৪-৩৫
  • পলাশবাৰী আৰক্ষী চকী, কামৰূপ জিলা, ১৯৩৪
  • অসমৰ জনজাতীয় সীমা (অঞ্চলিক), ১৯৪৬
  • খাচী পাৰ্বত্য আৰু কামৰূপ জিলাৰ মাজৰ সীমা, ১৮৭৬-৭৭

অসম আৰু বাৰ্মাৰ মানচিত্ৰ:

  • লুচাই পাৰ্বত্য অঞ্চল, আৰু উজনি ছিন্দৱিন জিলাসমূহ, ছিন পাৰ্বত্য আৰু অ-প্ৰশাসিত এলেকাসমূহ, ১৮৫৩ ৰ পৰা ১৯০৭-০৮ লৈ
  • লক্ষীমপুৰ জিলা আৰু শদিয়া সীমানুৱৰ্তী এলেকা, জনজাতীয় অঞ্চল, ১৯২৫-২৬

অসম প্ৰদেশৰ মানচিত্ৰ: মূখ্য আয়ুক্তৰ অন্তৰ্গত ক্ষেত্ৰসমূহ, ১৮৭৫
আন্দামান দ্বীপপুঞ্জ আৰু বাৰ্মাৰ মানচিত্ৰ: ১৮৮৯
পূৱ বেংগল আৰু অসমৰ মানচিত্ৰ:
ময়মন সিংহিয়া আৰু সিলেট জিলাৰ ভাগসমূহ, ১৯০৭-০৮
অসম আৰু বেংগলৰ মানচিত্ৰ:
সিলেট জিলা, ত্ৰিপুৰা ৰাজ্য, ১৯৩১-৩২