মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সচিবালয় প্ৰশাসন অভিলেখাগাৰ নিৰ্দেশালয়

গৱেষণা সুবিধাসমূহ

  • অসম ৰাজ্যিক অভিলেখাগাৰে গৱেষক তথা সাধাৰণ নাগৰিকৰ বাবে গৱেষণাৰ এক বিশেষ সুবিধা প্ৰদান কৰে। গৱেষণা নিয়ন্ত্ৰণ নিয়ম অনুসৰি ২৫ বছৰতকৈ পুৰণি বিৱৰণ বা নথিসমূহ গৱেষকসকলৰ বাবে মুকলি কৰি দিয়া হয়। গৱেষকসকলে মাত্ৰ ১ টকাৰ বাবদ নথিপত্ৰসমূহৰ ফটোকপি সংগ্ৰহ কৰিব পাৰে। তাৰোপৰি, উৱঁলি যোৱা বা ক্ষতিগ্ৰস্ত নথিপত্ৰ সমূহ তেওঁলোকে মাত্ৰ ১ টকা খৰচ কৰি ডিজিটেল কেমেৰাৰ দ্বাৰা ফটো উঠাই ল’ব পাৰে।

    কাম কৰা সময়:

    সময়: পুৱা ১০:০০ বজাৰ পৰা আবেলি ৪:৩০ লৈকে।

    কাম কৰা দিন: ৰবিবাৰ, দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ আৰু চৰকাৰী বন্ধৰ বাদে সকলো বাৰে খোলা।

    গৱেষণা নিয়মসমূহ:-

    ভাৰতীয় গৱেষকৰ বাবে: ভাৰতীয় গৱেষকসকলে তেওঁলোকৰ অনুমোদিত বিশ্ববিদ্যালয় / বিভাগৰ পৰা অনুমতি পত্ৰ জমা দিব লাগিব। প্ৰাথমিক ভাৱে, এই অনুমতি ৩ মাহৰ বাবে মঞ্জুৰ কৰা হয় কিন্তু পৰৱৰ্তী সময়ত প্ৰয়োজন অনুসৰি এই সময় সূচী বৃদ্ধি কৰিব পৰা যায়।

    বিদেশী গৱেষকৰ বাবে: বিদেশী গৱেষকসকলে তেওঁলোকৰ অনুমোদিত বিশ্ববিদ্যালয়/ শিক্ষানুস্থান/ বিভাগৰ পৰা অনুমতি পত্ৰ জমা দিয়াৰ লগতে ভাৰতত থকা তেওঁলোকৰ দুতাবাসৰ পৰা এক পৰিচয় পত্ৰ জমা দিব লাগিব। প্ৰথমে, এই অনুমতি ৩ মাহৰ বাবে মঞ্জুৰ কৰা হয় যদিও ইয়াক প্ৰয়োজন সাপেক্ষে বৃদ্ধি কৰিব পৰা যায়।

    Downloads
    গৱেষণা সুবিধাসমূহ
    TitleSizeDetail
    গৱেষণা নিয়মসমূহ62.91 KBswf-image
    ৰেকৰ্ডসমূহৰ যোগাযোগৰ বাবে অবেদন পত্ৰ152.85 KBswf-image