মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সচিবালয় প্ৰশাসন অভিলেখাগাৰ নিৰ্দেশালয়

ডিজিটেলকৰণ

  • অসম ৰাজ্যিক অভিলেখাগাৰৰ ডিজিটেলকৰণ বা ডিজিটেল সম্পাদন শাখাই বিৱৰণ বা ৰেকৰ্ড সমূহ স্কেন কৰা আৰু ফাইল সমূহ ডিজিটেল কৰা কাৰ্য সম্পাদন কৰে। ব্যৱহাৰকাৰীয়ে প্ৰয়োজন অনুসৰি ফাইলসমূহ সুগম ৰূপত লাভ কৰাত সহায় আগবঢ়োৱাৰ অৰ্থে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই উদ্দেশ্যে 'কোহা' চফটৱেৰতত পুথিভড়ালৰ সকলো পাঠ্যপুথি কম্পিউটাৰাইজড ৰূপত 'বাৰ-ক'ড' ব্যৱহাৰৰ দ্বাৰা সজোৱাৰ ব্যৱস্থা কৰা হৈছে।

    আনহাতে 'AIMS' চফটৱেৰত বিভিন্ন বিভাগীয় ফাইল সমূহৰ প্ৰাসংগিক বিষয় সমূহ কম্পিউটাৰাইজড ৰূপত ৰখা হৈছে। এই বিৱৰণ বা ৰেকৰ্ড সমূহৰ একোটা কপি(Soft Copy) বিদ্যাৰ্থী গৱেষকসকলে ব্যৱহাৰ কৰিব পৰাকৈ উপলব্ধ কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে। অন্যান্য বিভাগীয় লেখ সমূহৰ উপৰিও বৃহৎ সংখ্যক গুৰুত্বপূৰ্ণ লেখৰ ডিজিটেলকৰণ কাৰ্য্য অসম ৰাজ্যিক অভিলেখাগাৰে ইতিমধ্যে সম্পন্ন কৰিছে। এই সমূহ তলত দিয়া ধৰণৰ-

    • অসম আয়ুক্তৰ ফাইলসমূহ (১৮৩৩-১৯০৭)
    • বিশেষ বিভাগৰ (আৰক্ষী) ফাইলসমূহ (১৯৩৫-১৯৪৫)
    • দুৰ্লভ পুথিভড়াঁলৰ পুথিসমূহ.

     ডিজিটেলকৰণ শাখাই মাইক্ৰ'ফিল্ম স্কেনাৰৰ ব্যৱহাৰৰ দ্বাৰা এনালগ প্ৰতিকৃতি ডিজিটেল প্ৰতিকৃতিলৈ সলনি কৰাৰ কাৰ্য্যও বৰ্তমানে আৰম্ভ কৰিছে।