মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সচিবালয় প্ৰশাসন অভিলেখাগাৰ নিৰ্দেশালয়

সংৰক্ষণ

  • সংৰক্ষণ

    অভিলেখ প্ৰৱন্ধন যিকোনো অভিলেখাগাৰ ব্যৱস্থাপনা আচঁনিৰ ভিতৰৰ এক মহত্বপূৰ্ণ কাৰ্য্য। বহুমূলীয়া ৰেকৰ্ডসমূহ বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ লাভালাভ হোৱাকৈ যাতে সংৰক্ষণ কৰা হয়, সেয়া এই প্ৰৱন্ধনৰ দ্বাৰাই কৰা হয়। এই প্ৰক্ৰিয়াত ৰেকৰ্ডসমূহ সিহতৰ মূল ৰূপত সংৰক্ষন কৰা প্ৰচেষ্টা চলোৱা হয়।অসম ৰাজ্যিক অভিলেখাগাৰত সংৰক্ষণ শাখাৰ মূল বিষয়বস্তু সমূহ তলত দিয়া ধৰণৰ-

    • ব্যৱহাৰকাৰীৰ উপযোগী হোৱাকৈ ৰেকৰ্ড বা বিৱৰণ সমূহ সংৰক্ষণ আৰু ৰক্ষা কৰা
    • ব্যৱহাৰকাৰীৰ সহজলভ্য হোৱাৰ বাবে ৰেকৰ্ডসমূহ যিমান দিন পাৰি সিমান দিনলৈ সংৰক্ষণ কৰা।

    ফাইল সমূহক পোহৰ, তাপ আৰু ধূলিৰ পৰা বচাবলৈ ইহঁতক এচিড মুক্ত বাকচত সযতনে ৰখা হয়। কীট-পতংগৰ পৰা ফাইলসমূহক ৰক্ষা কৰিবৰ বাবে প্ৰতি তিনিমাহৰ মূৰে মূৰে কীটনাশকৰ প্ৰয়োগ কৰা হয়।

    অসম ৰাজ্যিক অভিলেখাগাৰে সম্প্ৰতি এক ধূপন কোঠা (NSW-151) ৰ ব্যৱস্থা কৰিছে। সংৰক্ষণ শাখাই নতুনকৈ সংগ্ৰহ কৰা ৰেকৰ্ড বা ফাইল সমূহক কীটমুক্ত কৰিবৰ বাবে ধূপনব্যৱস্থা ব্যৱহাৰ কৰে। এই বিভাগে ক্ষতিগ্ৰস্ত নথি-পত্ৰসমূহক লেমিনেশন, পূৰ্ণ-লেপন ব্যৱস্থাৰ দ্বাৰা সিহতৰ প্ৰকৃত ৰূপলৈ নিয়াৰ কাৰ্যও সম্পন্ন কৰে। বাধঁন শাখায়ে নথি-পত্ৰসমূহক চিলোৱা, পুনৰিপন, সৰু-সুৰা মেৰামতিৰ লগতে ফাইলসমূহৰ বাধঁন কাৰ্যও সমাধান কৰে।

    ৰিপ্ৰোগ্ৰাফি

    অসম ৰাজ্যিক অভিলেখাগাৰৰ ৰিপ্ৰোগ্ৰাফি শাখাই অভিলেখীয় সংগ্ৰহ সমূহ সংৰক্ষণৰ বাবে পুন:প্ৰস্তুত কৰে। কিছুমান বিশেষ নথি-পত্ৰক সংৰক্ষণৰ বাবে পুন:প্ৰস্তুত কৰাৰ হেতুকে বিশেষ কাৰ্য্যৰ এক প্ৰক্ৰিয়া কৰা হয়। ডিজিটেলকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা অভিলেখাগাৰ সংগ্ৰহৰ বিষয়বস্তু সমূহ সংৰক্ষণৰ চেষ্টা কৰা হয়। ইয়াৰ দ্বাৰা গৱেষক আৰু শিক্ষাৰ্থীসকলক একোটা ৰ্নিৰ্দিষ্ট মূল্যৰ বাবদ নথি-পত্ৰসমূহৰ অনুলিপি প্ৰদান কৰাৰ ব্যৱস্থা আছে।

    অসম ৰাজ্যিক অভিলেখাগাৰৰ ৰিপ্ৰোগ্ৰাফি শাখা সমূহ আধুনিক সজুঁলিৰে সজ্জিত। এই শাখাই ইতিমধ্যে অসম আয়ুক্তৰ (১৮৩৩-১৮৯২) ৮৫ টা ফাইলক মাইক্ৰ'ফিল্ম ৰূপ আৰু এনালগ ফটোৰ পৰা ডিজিটেল ফটো (PDF) লৈ ৰূপান্তৰ কৰিছে। তাৰোপৰি প্ৰসিদ্ধ মাজুলী সত্ৰৰ বহু পাণ্ডুলিপিক মাইক্ৰ’ফিল্ম ৰূপ দিয়াৰ কাৰ্য্য ইতিমধ্যে আৰম্ভ হৈছে। এই পাণ্ডুলিপিসমূহ মূলত: সাহিত্য, ধৰ্মসম্বন্ধীয়, ঔষধীয় ইত্যাদি বিষয়বস্তুৰ সৈতে জড়িত। এই ফাইলসমূহ চফট ৰূপত বিদ্বান, শিক্ষাৰ্থী আৰু অন্যান্য লোকৰ ব্যৱহাৰৰ বাবে ৰখা হৈছে।

    নথি-পত্ৰসমূহৰ ব্যৱস্থাপনা কৰা প্ৰক্ৰিয়াৰ ঠাই সংৰক্ষণ, নথি-পত্ৰৰ অখণ্ডতা ৰক্ষা আৰু তথ্য সুৰক্ষাৰ দৰেও বহুতো অন্তৰ্নিহিত লাভ আছে। এই শাখাই নথি-পত্ৰসমূহ বেলেগ বেলেগ আৰু সহজতে দেখা পোৱা কৰিবৰ বাবে প্ৰক্ৰিয়াৰ আগে আগে প্ৰত্যেক খন পত্ৰত থকা পিন, আঠা আদি আতঁৰাই নথি-পত্ৰসমূহ ভালদৰে নিৰীক্ষণ কৰে। ঠিক সেইদৰে প্ৰক্ৰিয়াৰ পিছত এই শাখাই সকলো নথি-পত্ৰ পঢ়িবৰ যোগ্য হোৱাকৈ সেইসমূহ সজাই তোলা আৰু পৰীক্ষণ কাৰ্যও সম্পাদন কৰে।