মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সচিবালয় প্ৰশাসন অভিলেখাগাৰ নিৰ্দেশালয়

কেন্দ্ৰীয় সাহাৰ্য্য

  • অসম ৰাজ্যিক অভিলেখাগাৰলৈ ভাৰতীয় ৰাষ্ট্ৰীয় অভিলেখাগাৰৰ সাহাৰ্য্য:

    ভাৰতীয় ৰাষ্ট্ৰীয় অভিলেখাগাৰে আৰ্থিক সাহাৰ্য্যৰ আচঁনিৰ অধীনত অভিলেখাগাৰ ভড়াঁল, চৰকাৰী গ্ৰন্থাগাৰ/ ৰাজ্যিক সংগ্ৰহালয়, কেন্দ্ৰীয় শাসিত প্ৰশাসন ইত্যাদিলৈ সাহাৰ্য্য আগবঢ়ায়।

    ভাৰতীয় ৰাষ্ট্ৰীয় অভিলেখাগাৰে আৰ্থিক সাহাৰ্য্যৰ আচঁনিৰ অধীনত অভিলেখাগাৰ ভড়াঁল, চৰকাৰী গ্ৰন্থাগাৰ/ ৰাজ্যিক সংগ্ৰহালয়, কেন্দ্ৰীয় শাসিত প্ৰশাসন ইত্যাদিলৈ সাহাৰ্য্য আগবঢ়ায়। এই আচঁনি বিভাগীয় কাৰ্য্যসমূহৰ লগতে লেখ সংৰক্ষণ, কিতাপ আৰু টোকা সংৰক্ষণৰ বাবে গ্ৰহণ কৰা হয়। ই ৭৫:২৫ অনুপাতে আৰ্থিক সাহাৰ্য্য আগবঢ়ায় (ইয়াৰে কেন্দ্ৰীয় চৰকাৰৰ ৭৫ শতাংশ আৰু ৰাজ্যিক চৰকাৰৰ ২৫ শতাংশ)।

    বৰ্তমানলৈ এই আচঁনিৰ অধীনত অসম ৰাজ্যিক অভিলেখাগাৰে লাভ কৰা আৰ্থিক সাহাৰ্য্যসূহ:

    ৬:০০ লাখ
    ক্ৰমিক নংসময়সৰ্বমুঠ ধন [ৰাষ্ট্ৰীয় ভাগ ৭৫ %](টকা)সৰ্বমুঠ ধন [ৰাজ্যিক ভাগ ২৫ %](টকা)সৰ্বমুঠ অনুমোদিত ধন (টকা)সম্পূৰ্ণ হোৱা প্ৰকল্প
    ২০১০-২০১১২:০০ লাখ৮:০০ লাখ(1) চফটৱেৰ আৰু হাৰ্ডৱেৰৰ সৈতে ৫ টা কম্পিউটাৰ ক্ৰয়
    (2) আধাৰিক সংৰচনা
    (3) শীত-তাপ নিয়ন্ত্ৰক: ১টা
    (4) 2 KVA online UPS: ১টা
    (5) 500 VA online UPS: ১টা
    (6) 5 KVA জেনেৰেটৰ: ১টা
    ২০১১-২০১২২৮, ২৭, ৫০০ লাখ৯, ৪২, ৫০০ লাখ৩৭, ৭০, ০০০ লাখ1) ৰেকৰ্ডসূহৰ microfilming প্ৰক্ৰিয়াৰ বাবে ৰিপ্ৰোগ্ৰাফিক উপাদান ক্ৰয়
    যেনে:
    1.1)Microfliming কেমেৰা: ১ টা
    1.2)Microfliming Processor: ১ টা
    1.3)Automated MF scanner: ১ টা
    1.4)Microfliming Inspector: ১ টা
    1.5)Densitometer: ১ টা
    1.6)Roll Flim 35mm: 100 Nos.
    1.7)Chemical (developer & fixer)
    1.8)Stationery Items: Steel cabinet , Chair etc.
    1.9)শীত-তাপ নিয়ন্ত্ৰ: 3 Nos.
    2.0)Purchase of Plotter: ১ টা
    2.1)Data entry and digitization done for 50,000 records in AIMS software

    চৰকাৰী আৰু বেচৰকাৰী সংগঠন আৰু ব্যক্তিগত খণ্ডলৈ ভাৰতীয় ৰাষ্ট্ৰীয় অভিলেখাগাৰৰ সাহাৰ্য্য:

    অসম ৰাজ্যিক অভিলেখাগাৰ হৈছে পুৰণি আৰু দুৰ্লভ সম্পদ – নথিপত্ৰ, তথ্য, দুৰ্লভ পুথি ইত্যাদি সংৰক্ষণৰ অৰ্থে আৰ্থিক সাহাৰ্য্য বিচৰা বিভিন্ন চৰকাৰী, বেচৰকাৰী আৰূ ব্যক্তিগত খণ্ডৰ আবেদন সমূহ প্ৰক্ৰিয়াকৰণ কৰা এটা নোডেল বিভাগ।

    এনে আবেদনকাৰী সংগঠনে ২৫ শতংশ আচঁনিৰ খৰচ বহনৰ স্বৰ্ত সাপেক্ষে ১০ লক্ষ টকালৈকে মঞ্জুৰী প্ৰদান কৰে। অসম ৰাজ্যিক অভিলেখাগাৰৰ ৰাজ্যিক বিচাৰ সমিতিৰ দ্বাৰা এই আচঁনি বিবেচিত হয়। ই ৭৫ : ২৫ অনুপাতে আৰ্থিক সাহাৰ্য্য অগবঢ়ায় (ইয়াৰে কেন্দ্ৰীয় চৰকাৰৰ ৭৫ শতাংশ আৰু ৰাজ্যিক চৰকাৰৰ ২৫ শতাংশ)।

    ঐতিহাসিক গৱেষণা পঞ্জীকাপ্ৰস্তুত কাৰ্যসূচীৰ ভাৰতীয় পৰিষদ:

    ভাৰতীয় ঐতিহাসিক অনুসন্ধান পৰিষদে অসম ৰাজ্যিক অভিলেখাগাৰৰ সহযোগত সকলো অভিলেখীয় সংগ্ৰহৰ কেলেণ্ডাৰ তৈয়াৰীকৰণ কাৰ্যসূচী আৰম্ভ কৰিছে। এই কাৰ্যসূচীৰ ২০১৩ ৰ জুলাইত শুভাৰম্ভ কৰা হয়। এই কাৰ্যসূচীৰ অধীনত ভাৰতীয় ঐতিহাসিক অনুসন্ধান পৰিষদে নিয়োগ কৰা তিনিগৰাকী বিদ্যাৰ্থী গৱেষকে তলত দিয়া বিভাগসমূহৰ দুহেজাৰৰ অধিক ৰেকৰ্ড ফাইলৰ কেলেণ্ডাৰ তৈয়াৰীকৰণ কাৰ্য্য সম্পূৰ্ণ কৰিছে। এই বিভাগ সমূহ হৈছে :

    • গৃহ বিভাগ (১৯১১-১৯৪৭)
    • শিক্ষা বিভাগ (১৯৪১-১৯৪২)
    • সাধাৰণ আৰু বিচাৰ বিভাগ (১৯৪১-১৯৪২)
    • গৃহ গোপনীয়তা বিভাগ (১৯১১-১৯৪৭)