মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সচিবালয় প্ৰশাসন অভিলেখাগাৰ নিৰ্দেশালয়

প্রবেশাধিকাৰ বিবৃতি

সচিবালয় প্ৰশাসনিক বিভাগৰ চৰকাৰী ৱেবচাইট, প্ৰাধিকাৰিক ৱেবচাইট সজুঁলি, প্ৰযুক্তি আৰু সামৰ্থ্য নিৰ্বিশেষে সকলো ব্যৱহাৰকাৰীয়ে লাভ কৰিব পৰাটো নিশ্চিত কৰাই আমাৰ লক্ষ্য আৰু সেয়েহে ইয়াৰ দৰ্শনকাৰীসকলক সৰ্বোচ্চ ঢুকি পোৱা অৱস্থা আৰু ব্যৱহাৰযোগ্যতা প্ৰদান কৰিব পৰাকৈ ইয়াক গঢ় দিয়া হৈছে। ইয়াৰ ফলস্বৰূপে, ডেস্কটপ/লেপটপ কম্পিউটাৰ, মোবাইল ইত্যাদিৰ পৰা এই পোৰ্টেল দৰ্শন কৰিব পৰা হৈছে।

ব্যৱহাৰকাৰীয়ে প্ৰয়োজনবোধ কৰা ধৰণে স্ক্ৰীণ ৰিডাৰ, স্ক্ৰীণ বিবৰ্ধক ইত্যাদিৰ দৰে সহায়কাৰী প্ৰযুক্তি ব্যৱহাৰ কৰি এই “চাইট” দৰ্শন কৰিব পৰাকৈ ইয়াক গঢ়ি তুলিবলৈ আমি সৰ্বতোপ্ৰকাৰে যত্নপৰ হৈছো। এই পোৰ্টেলৰ ব্যৱহাৰিক নীতি আৰু ইয়াৰ সাৰ্বজনীন আৰ্হি মানি চলাটো আমাৰ লক্ষ্য যিয়ে এই পোৰ্টেল ব্যৱহাৰকাৰীক সহায় কৰিব। ভাৰতীয় চৰকাৰী ৱেবচাইটসমূহৰ নিৰ্দেশনাসমূহ লাভ কৰিব পৰাকৈ XHTML 1.0 পৰিৱৰ্তনশীল প্ৰযুক্তিৰ ব্যৱহাৰেৰে এই পোৰ্টেলৰ নক্সা গঠন কৰা হৈছে তদুপৰি ই Web Content Accessibility Guidelines (WCAG) 2.0 ৰ Level A ৰ সৈতে সংলগ্ন। এই পোৰ্টেলৰ তথ্যৰ কিছু অংশ বাহ্যিক ৱেবচাইটৰ লিংকটো উপলব্ধ কৰাৰ ব্যৱস্থা কৰা হৈছে। এই চাইটসমূহ সুগম কৰাৰ দায়িত্বত নিয়োজিত বিভাগসমূহে এই বাহ্যিক ৱেবচাইট পৰিছালনা কৰে। ইয়াৰ ৱেবচাইট শাৰীৰিক অক্ষম লোকসকলেও লাভ কৰিব পৰাকৈ সুগম ৰূপত গঢ় দিয়াৰ উদ্দেশ্যে সম্প্ৰতি সচিবালয় প্ৰশাসনিক বিভাগে কাম কৰি আছে। কিন্তু Portable Document Format (PDF) ফাইলসমূহ প্ৰবেশযোগ্য নহয়। এই পোৰ্টেলৰ সুগম্যতা সম্পৰ্কে কোনো প্ৰশ্ন থাকিলে আমালৈ লিখিত প্ৰশ্ন প্ৰেৰণ কৰিব পাৰে।

সুগম বৈশিষ্টসমূহৰ বিষয়ে জ্ঞান

DIT ৱেবচাইটত অন্তৰ্ভুক্ত বৈশিষ্ট সমূহ যিয়ে ইয়াক সুগম কৰি তোলে, সেই সমূহ হৈছে- ইয়াৰ মূল বস্তু বা বিষয়সূচীলৈ একেবাৰতে যাব পৰা ব্যৱস্থা যাৰ ফলস্বৰূপে কীবোৰ্ড ব্যৱহাৰ কৰি পুন: পুন: প্ৰক্ৰিয়াৰে মূল বিষয়সূচীত উপস্থিত হোৱাৰ অৰ্থে যাব লগা নহয়।

আইকনসমূহ:

ইয়াৰ পৃষ্ঠাসমূহ আইকন (চিত্ৰচিহ্ন) ৰে সজোৱা হৈছে যাৰ জৰিয়তে বুজি পোৱাত অক্ষম সমস্যাৰ ব্যক্তিয়েও এই পৃষ্ঠাসমূহ বুজি পোৱাত সহায়ক হ’ব। প্ৰিণ্ট, ই-মেইল ইত্যাদিৰ বাবে আইকন ব্যৱহাৰ কৰা হৈছে।

প্ৰৱেশযোগ্যতাৰ বিকল্পসমূহ:

আখৰৰ মাজৰ ব্যৱধান, ইয়াক ৰঙেৰে সজোৱা, আখৰৰ আকাৰ ইত্যাদি পৰিৱৰ্তনৰ বাবে বিকল্পৰ ব্যৱস্থা আগবঢ়োৱা হৈছে। তাৰ লগতে ফাইলসমূহৰ প্ৰকাৰ আৰু আকাৰ, বিকল্প ফাইল PDF, WORD, EXCEL ইত্যাদিৰ তথ্য লিংক আখৰসমূহত ব্যৱহাৰকাৰীক চিনাক্তকৰণত সহায় আগবঢ়োৱাৰ অৰ্থে প্ৰদান কৰা হৈছে। তদুপৰি বেলেগ বেলেগ প্ৰকাৰ ফাইল লিংকৰ সৈতে ব্যৱহাৰকাৰীৰ সুবিধাৰ্থে প্ৰদান কৰা হৈছে য’ত ব্যৱহাৰকাৰীয়ে প্ৰয়োজনীয় লিংক বাচি ল’ব পাৰিব। উদাহৰণস্বৰূপে যদি লোনো লিংকে PDF ফাইল খোলে তেন্তে ইয়াৰ অন্তৰ্নিহিত তথ্যই এই ফাইলৰ আকাৰ আৰু প্ৰকাৰ নিৰূপন কৰিব।

শিৰোনামা:

সঠিক শিৰোনাম আৰু উপ-শিৰোনাম প্ৰয়োগেৰে ৱেব পেজৰ সামগ্ৰীখিনি সজাই পৰাই তোলা হৈছে যিয়ে এটি মূখ্যপাঠ্য প্ৰদান কৰে। H1 য়ে প্ৰধান শিৰোনাম নিৰূপন কৰে আনহাতে H2 য়ে উপশিৰোনাম নিৰূপন কৰে।

শীৰ্ষক:

নিৰ্দিষ্ট পৃষ্ঠাৰ ভিতৰত থকা বিষয়বস্তু সহজে বুজি পোৱাৰ অৰ্থে প্ৰতিটো ৱেব পেইজৰ একোটাকৈ সঠিক নামাকৰণ কৰা হৈছে।

বিকল্প আখৰৰ ব্যৱস্থা:

দৃষ্টি সম্বন্ধীয় অক্ষমতা থকা ব্যৱহাৰকাৰীৰ বাবে প্ৰতিকৃতিৰ চমু বৰ্ণনাৰ ব্যৱস্থা কৰা হৈছে। এটি ব্ৰাইজাৰ ব্যৱহাৰ কৰি এয়া গম পোৱা গৈছে যে ই অকল আখৰ হে সমৰ্থন কৰে আৰু লগে লগে যদি প্ৰতিকৃতিৰ প্ৰদৰ্শন বন্ধ হৈ যায় তেতিয়া হ’লে সেই প্ৰতিকৃতিৰ অনুপস্থিতিত ইয়াৰ ঠাইত পাঠ পঢ়ন কাৰ্য সম্পন্ন কৰিব পাৰি। তদুপৰি কিছুমান ব্ৰাউজাৰে ব্যৱহাৰকাৰীয়ে নিৰ্দিষ্ট বস্তুৰ ওপৰেৰে মাউচ পইণ্টাৰ ঘূৰালে টুল-টিপৰ আকাৰত বিকল্প আখৰ প্ৰদৰ্শন কৰে।

সু-সংগত পথ প্ৰদৰ্শন বিধি:

সমগ্ৰ ৱেবচাইটটোত পথ প্ৰদৰ্শনৰ সংগত বিধি আৰু উপস্থাপনৰ আৰ্হি সংযোজিত হৈছে।

কী-বোৰ্ড সমৰ্থন:

কী-বোৰ্ডৰ Tab আৰু Tab+Shift কীৰ ব্যৱহাৰৰ দ্বাৰা ৱেবচাইটৰ দৰ্শন কৰিব পৰা যায়।

অনুকুলিত আখৰৰ আকাৰ:

ৱেবপেজৰ আখৰৰ আকাৰ ব্ৰাউজাৰৰ মাধ্যমেৰে, Accessibility Option Page ৰ মাধ্যমেৰে নতুবা নিৰ্দিষ্ট পেজৰ একেবাৰে ওপৰত থকা ‘Text Sizing Icon’ ত ক্লিক কৰি সলনি কৰিব পাৰি।

গাঢ়তা নিয়ন্ত্ৰণ:

নানা বৰণ ধৰিব নোৱাৰা হোৱা অৱস্থাৰ ব্যক্তি নতুবা কমকৈ দেখা পোৱা ব্যক্তিসকলে যাতে ৱেব পেজৰ তথ্য সহজে দেখা পাব পাৰে তাৰ বাবে এই ৱেবচাইটে বিভিন্ন আচঁনি গ্ৰহণ কৰিছে। ৱেবপেজসমূহৰ গাঢ়তা সলনি কৰিবৰ বাবে তাত বিভিন্ন সুবিধা উপলব্ধ। Accessibility Option Page ৰ শব্দসমূহৰ মাজৰ বগা খালী ঠাই বৃদ্ধি কৰিব পাৰি আৰু এই বগা খালী ঠাই দুটা পৰ্যায়লৈ বৃদ্ধি কৰিব পাৰি। তথ্য সমূহ পঢ়াৰ ক্ষেত্ৰত অসুবিধা অনুভৱ কৰা ব্যৱহাৰকাৰীয়ে শব্দৰ মাজত খালী ঠাই বৃদ্ধিৰ ফলত অতি সহজে এয়া পঢ়িব পাৰে।

সুগম উপায়সমূহৰ বিষয়ে জ্ঞান

ৱেবচাইটে আগবঢ়োৱা সুগম উপায়সমূহৰ ব্যৱহাৰেৰে পৰ্দাৰ প্ৰদৰ্শন নিয়ন্ত্ৰণ কৰিব পাৰি। এই বিকল্পৰে আকাৰ বা বাক্যৰ মাজৰ খালী ঠাই বৃদ্ধি কৰিব পাৰি, ৰঙৰ গাঢ়তা নিয়ন্ত্ৰণ কৰি স্পষ্ট ৰূপত পঢ়িব পৰা অৱস্থালৈ আনিব পাৰি।

আখৰৰ আকাৰৰ পৰিৱৰ্তন:

গতানুগতিক আখৰতকৈ ইয়াৰ আকাৰ সৰু বা ডাঙৰ কৰাটোক এই কাৰ্যৰ দ্বাৰা সূচোৱা হয়। ব্যৱহাৰকাৰীয়ে নিজৰ সুবিধা অনুসৰি ইয়াক পঢ়িব পৰা অৱস্থালৈ আনিবলৈ পাচঁটা বিকল্প আগবঢ়োৱা হৈছে-

সবাতোকৈ বৃহৎ আকাৰ: এই আকাৰ ব্যৱহাৰ কৰিলে সবাতোকৈ বৃহৎ আকাৰত তথ্য সমূহ প্ৰদৰ্শিত হয়।

বৃহৎ আকাৰ: এই আকাৰ বাচি ল’লে স্বাভাৱিক আখৰতকৈ ডাঙৰ আকাৰত বস্তুসমূহ পাব পাৰি।

মধ্যমীয়া আকাৰ: মধ্যমীয়া আকাৰত তথ্যসমূহ পাব পাৰি যাক ডিফল্ট আকাৰ হিচাপে জনা যায়।

সৰু আকাৰ: এই বিকল্প ব্যৱহাৰ কৰিলে স্বাভাৱিকতকৈ সৰু আকৃতিত আখৰৰ আকাৰ লাভ কৰিব পাৰি।

সবাতোকৈ সৰু আকাৰ: ইয়াৰ দ্বাৰা সবাতোকৈ সৰু আকাৰৰ আখৰ লাভ কৰিব পাৰি।

আখৰৰ আকাৰ সৰু কৰিবলৈ:
ক) সুগম বিকল্প নিৰ্বাচন,
খ) আখৰৰ আকাৰ শাখাৰ পৰা সঠিক আকাৰ নিৰ্বাচন,
গ) Apply ত ক্লিক কৰিব লাগে।

ৰং সলনিকৰণ:

পঢ়িব পৰাকৈ সুস্পষ্ট ৰূপত ৰং সনা আৰু ইয়াৰ পৃষ্ঠভূমি আকাংশিত ৰঙেৰে সজোৱা কাৰ্যৰ বাবে বৰ্ণ-বিন্যাসৰ পৰিৱৰ্তন সাধন কৰা হয় যিয়ে সুস্পষ্ট ৰূপত পঢ়ন সুনিশ্চিত কৰে। বৰ্ণ-বিন্যাসৰ পৰিৱৰ্তনৰ বাবে দুটা বিকল্পৰ বিধান দিয়া হৈছে-

উচ্চ গাঢ়তা:

এই গাঢ়তাৰ ব্যৱহাৰেৰে পঢ়ন স্পষ্টতা নিশ্চিত কৰিবলৈ পৃষ্ঠভূমিত ক’লা ৰং ব্যৱহাৰ কৰা হয় আৰু তাত লিখা থকা আখৰ উপযুক্ত ৰঙেৰে সজোৱা হয়।

মানদণ্ড সম্পন্ন গাঢ়তা:

ইয়াৰ জৰিয়তে পৰ্দা স্বাভাৱিক অৱস্থালৈ অনা হয়।

বৰ্ণ-বিন্যাসৰ পৰিৱৰ্তন কৰিবলৈ:
ক) সুগম বিকল্প নিৰ্বাচন কৰিব লাগে।
খ) আখৰৰ আকাৰ শাখাৰ পৰা সঠিক আকাৰ নিৰ্বাচন,
গ) Apply ত ক্লিক কৰিব লাগে।

দ্ৰষ্টব্য:

বৰ্ণ-বিন্যাসৰ পৰিৱৰ্তনে পৰ্দাত থকা প্ৰতিকৃতিক কোনো প্ৰভাৱিত নকৰে।