মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সচিবালয় প্ৰশাসন অভিলেখাগাৰ নিৰ্দেশালয়

আমাৰ ইতিহাস

  • ১৮২৬ চনত প্ৰথম বাৰ্মিজ যুদ্ধৰ অন্ত পৰাৰ পৰৱৰ্তী সময়ত অসম ইংৰাজৰ শাসনৰ অধীনলৈ যায়। ১৮৭৬ চনত বংগ প্ৰশাসনৰ পৰা পৃথক হৈ অহাৰ পিছত ইয়াত পৃথককৈ চীফ কমিশনাৰশ্বিপ গঠিত হয়। ১৯০৫ চনত বংগৰ পৰা পৃথক হৈ অহাৰ পিছত অসম পূৰ্ব বংগৰ সৈতে লগ লাগে আৰু অসম আৰু পূব বংগ প্ৰদেশ চীফ কমিশনাৰশ্বিপৰ অধীনত গঠিত হয়।

    ভাগ হোৱাৰ সময়চোৱাত মুছলমান চিলেট জিলা পূব পাকিস্তান বা বৰ্তমানৰ বাংলাদেশৰ সৈতে লগ লাগে। উত্তৰ কামৰূপৰ দেৱনাগিৰি ১৯৫১ চনত ভূটানৰ সৈতে চামিল হয়। ইয়াৰ পিছত নাগালেণ্ড, মেঘালয়, মিজোৰাম আৰু অৰুণাচল প্ৰদেশ বেলেগ বেলেগ ৰাজ্য ৰূপে গঠন হয়।

    উপনিবেশিক শাসকসকলে শাসনৰ সুবিধাৰ্থে শৃংখলাবদ্ধভাৱে লেখসমূহ ৰাখিছিল। অসমত চীফ কমিশনাৰশ্বিপ গঠনৰ লগে লগে ১৮৭৪ চনৰ সাধাৰণ বিভাগৰ অধীনত লেখ বিভাগ বা লেখাগাৰ গঠন কৰা হৈছিল। ১৯০১ চনত শাখা তিনি ভাগত বিভক্ত হৈ ৰেকৰ্ড, ৰেকৰ্ডিং আৰু লাইব্ৰেৰী ৰূপে গঠিত হয়। ১৯০৬ চনত এই তিনিটা শাখা অসম ৰাজহ সচিবালয়ৰ পঞ্জীয়কৰ নিয়ন্ত্ৰণাধীন কৰা হয়। ১৯৪৯ ত এই বিভাগত সম্পূৰ্ণ সময় কাম কৰিবৰ বাবে এগৰাকী প্ৰশিক্ষিত অভিলেখ ৰখোতা আৰু গ্ৰন্থাগাৰিক নিয়োগ কৰা হয় আৰু ১৯৮০ পৰ্যন্ত এই প্ৰক্ৰিয়া চলি থাকে।

    সেই বছৰতে অসম চৰকাৰে ৰাজ্যিক অভিলেখাগাৰক সাধাৰণ প্ৰশাসন বিভাগৰ সৈতে সংলগ্ন কাৰ্যালয় ৰূপে স্থাপন কৰিছিল আৰু ১৯৮০ চনৰ মাৰ্চত ইয়াক ৰাজ্যিক অভিলেখাগাৰ সংগঠন হিচাপে গঢ় দিছিল।

    লেখ ব্যৱস্থাপনা আৰু প্ৰশাসনীয় কাৰ্য্যকলাপত অভিলেখাগাৰ বিভাগ চৰকাৰৰ নোডেল প্ৰতিনিধি ৰূপে গঢ়ি উঠে।১৯৯৬ চনত অসম ৰাজ্যিক অভিলেখাগাৰ সম্পূৰ্ণৰূপে এক সঞ্চালকালয় ৰূপে গঢ়ি উঠে আৰু ২০০৬ ত ইয়াৰ প্ৰশাসনিক নিয়ন্ত্ৰণ সচিবালয় প্ৰশাসন বিভাগলৈ স্থানান্তৰিত কৰা হয়।