মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সচিবালয় প্ৰশাসন অভিলেখাগাৰ নিৰ্দেশালয়

অভিলেখাগাৰ সংগ্ৰহ

প্ৰশাসনীয় বিৱৰণ

একোখন ৰাষ্ট্ৰৰ প্ৰশাসনৰ ক্ষেত্ৰত অতি মূল্যৱান আৰু মৌলিক উৎস হৈছে প্ৰশাসনীয় বিৱৰণ। অসম ৰাজ্যিক অভিলেখাৰত ১৮৭৪ চনৰ পৰা বিভিন্ন বিভাগ, যেনে-আৰক্ষী প্ৰশাসন, কাৰাগাৰ প্ৰশাসন, ভূ-ৰাজহ প্ৰশাসন, আবকাৰী প্ৰশাসন ইত্যাদিৰ প্ৰশাসনীয় বিৱৰণসমূহ সন্নিৱিষ্ট আছে।

এই বিৱৰণসমূহে ক্ৰমান্বয়ে ৰাজ্যৰ ৰাজনৈতিক তথা প্ৰশাসনিক উন্নতি আৰু প্ৰশাসন যন্ত্ৰৰ এক বৃহৎ এলেকাক অনুকৰণ কৰে। তদুপৰি, অসমৰ সাধাৰণ প্ৰশাসন বিৱৰণ (১৮৭৪-১৯৩৮), মণিপুৰ প্ৰশাসন আৰু নগা পাৰ্বত্য অঞ্চলৰ বিৱৰণসমূহো অসম ৰাজ্যিক অভিলেখাগাৰত সন্নিৱিষ্ট কৰা হৈছে।