মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সচিবালয় প্ৰশাসন অভিলেখাগাৰ নিৰ্দেশালয়

ৰেকৰ্ড ব্যৱস্থাপনা

ৰেকৰ্ড ব্যৱস্থাপনাই লেখ সৃষ্টি, নিয়ন্ত্ৰন আৰু লেখ মীমাংসা কৰা কাৰ্য্যক সূচায়। অন্য ৰূপত ক’বলৈ হ’লে এই ব্যৱস্থাই লেখ বা ৰেকৰ্ডৰ আৰম্ভণিৰ পৰা শেষলৈ সমগ্ৰ কাৰ্য্য প্ৰক্ৰিয়াক সামৰি লয়।

২০০২ ৰ নাগৰিক ৰেকৰ্ড অধিনিয়মৰ বাস্তৱায়নৰ বাবে অসম ৰাজ্যিক অভিলেখাগাৰ হৈছে অসম চৰকাৰৰ এটা নোডেল প্ৰতিনিধি।২০০২ ৰ নাগৰিক ৰেকৰ্ড অধিনিয়মৰ নিৰ্দেশনা অনুসৰি অসম চৰকাৰৰ বিভিন্ন বিভাগৰ তথ্য আৰু লেখ সমূহ সুৰক্ষিত কৰি ৰখাৰ বাবে দায়িত্বশীল অসম ৰাজ্যিক অভিলেখাগাৰ। ইয়াৰ উপৰিও নিৰ্দেশনা সমূহ জাৰি কৰা আৰু ব্যৱস্থাপনা কাৰ্য সুচাৰু ৰূপে পৰিচালনা কৰাই ইয়াৰ কৰ্তব্য।

অসম ৰাজ্যিক অভিলেখাগাৰে ৰাজ্যিক চৰকাৰৰ সকলো বিভাগলৈ আৰু অন্য তত্বাৱধায়ক প্ৰতিস্থানসমূহলৈ লেখ বা ৰেকৰ্ড সমূহৰ ব্যৱস্থাপনা প্ৰশাসন, ৰক্ষণাবেক্ষণ ইত্যাদি দিশত সকলো ধৰণৰ প্ৰযুক্তিগত সহায়তা প্ৰদান কৰে।