মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সচিবালয় প্ৰশাসন অভিলেখাগাৰ নিৰ্দেশালয়

জনসজাগতা

অসম ৰাজ্যিক অভিলেখাগাৰৰ ঐতিহ্য সম্বন্ধে জ্ঞান বৃদ্ধিৰ উদ্দেশ্যে আৰু জনসাধাৰণৰ মাজত Archival সজাগতা বৃদ্ধিৰ উদ্দেশ্য আগত ৰাখি জনসজাগতা কাৰ্যসূচীৰ অধীনত অসম ৰাজ্যিক অভিলেখাগাৰে তলত উল্লেখিত অনুস্থান সমূহৰ আয়োজন কৰে-

  • Exhibition বা প্ৰদৰ্শনী
  • Archive Week Celebration বা অভিলেখাগাৰ সপ্তাহ পালন
  • Common Man Outreach Programme বা সৰ্বসাধাৰণে অংশগ্ৰহণ কৰা অনুস্থান (যি বিদ্যালয়, মহাবিদ্যালয় আৰু অন্য ভগ্নী সংগঠনৰ সৈতে জড়িত)
  • Seminar বা কৰ্মশালাৰ আয়োজন

International Council of Archives বা অভিলেখাগাৰৰ আন্তৰ্জাতিক পৰিষদৰ নিৰ্দেশনা অনুসৰি সাধাৰণ নাগৰিক, ছাত্ৰ-ছাত্ৰী আৰু বিশেষকৈ বৃত্তিধাৰী ছাত্ৰ-ছাত্ৰী (Scholar) সকলৰ মাজত অভিলেখাগাৰ সম্বন্ধীয় সজাগতা সৃষ্টিৰ উদ্দেশ্যে অসম ৰাজ্যিক অভিলেখাগাৰে প্ৰত্যেক বছৰে বছেৰেকীয়া অভিলেখাগাৰ সপ্তাহ পালন কৰি আহিছে। বছেৰেকীয়া অভিলেখাগাৰ সপ্তাহ পালনৰ সময়চোৱাত বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় আৰু অন্যান্য ভগ্নী অনুস্থানসমূহ আৰু লগতে বিদ্যাৰ্থী গৱেষক (Research Scholar) সকলক তথ্য চিত্ৰৰ ঐতিহ্যসমূহ আৰ্কাইভেল প্ৰতিস্থানসমূহে সংৰক্ষণ কৰাৰ ভূমিকা পালনৰ স্বাক্ষুক অভিজ্ঞতাৰ সোৱাদ লোৱাৰ উদ্দেশ্যে আমন্ত্ৰণ জনোৱা হয়। পৰিদৰ্শকসকলক অভিলেখাগাৰৰ কাৰ্য্য সম্পৰ্কে অৱগত কৰিবলৈ তেওঁলোকক Repository Conservation আৰু Reprography Unit লৈ যোৱা হয়। এই সপ্তাহ চলি থকাৰ সময়চোৱাত দৰ্শকসকলৰ পৰিদৰ্শনৰ উদ্দেশ্যে বিভিন্ন প্ৰদৰ্শনীৰ আয়োজন কৰাৰ উপৰিও প্ৰয়োজনীয় তথ্য , মানচিত্ৰ , আলোকচিত্ৰ আৰু বিভিন্ন দুষ্প্ৰাপ্য পুথি আদি অসম ৰাজ্যিক অভিলেখাগাৰে প্ৰদৰ্শন কৰে।

বিদ্যাৰ্থী সকলৰ উদ্দেশ্যে অসম ৰাজ্যিক অভিলেখাগাৰে বছেৰেকীয়া স্মৃতিগ্ৰন্থ প্ৰকাশ কৰে। তাৰোপৰি বিভিন্ন নিবন্ধ ও আলোচনা চপা কৰি উলিওৱাৰ ব্যৱস্থা কৰা হয়। অভিলেখাগাৰ সপ্তাহ পালনৰ সময়চোৱাত ইয়াৰ সজাগতা, গুৰুত্ব আৰু মূল্যৰ উন্নতি সাধন কৰাৰ উদ্দেশ্যে অসম ৰাজ্যিক অভিলেখাগাৰে ছাত্ৰ-ছাত্ৰী আৰু জনসাধাৰণৰ মাজত বিভিন্ন কৰ্মশালা আৰু প্ৰাথমিক প্ৰশিক্ষণ কাৰ্য্যসূচী অনুস্থিত কৰে।