আমাৰ দৃষ্টি:
- সকলো ৰাজহুৱা লেখ উৎসাহপূৰ্ণ ভাৱে গ্ৰহণ, সংগ্ৰহ আৰু শ্ৰেণীবিভাজন কৰাৰ উপৰি ৰাজ্যৰ তথ্যগত ঐতিহ্যসমূহ বিজ্ঞানসন্মত উপায়েৰে সংৰক্ষণ নিশ্চিত কৰাটোৱেই ইয়াৰ লক্ষ্য।
আমাৰ অভিযান:
- ৰাজ্যিক সচিবালয় আৰু কৰ্তৃপক্ষৰ গোপনীয় আৰু মুকলি সকলো অৱৰ্তমান লেখ এটা ভড়ালত গোটোৱা।
- সমগ্ৰ ৰাজ্যিক প্ৰশাসনৰ বিজ্ঞানসন্মত পৰিচালনা, প্ৰশাসনীয় কাৰ্য আৰু লেখ সমূহৰ সংৰক্ষণ কাৰ্যক উৎসাহিত কৰা।
- আৰ্কাইভ সম্বন্ধীয় লেখসমূহ সহজে লাভ কৰা কাৰ্যক উদ্দীপনা যোগোৱা।
- আমাৰ তথ্যগত ঐতিহ্যসমূহৰ সঠিক যত্ন আৰু ব্যৱহাৰৰ দিশত জনসাধাৰন, গৱেষক,বৃত্তিধাৰী ছাত্ৰ-ছাত্ৰী, ব্যক্তিগত অনুষ্ঠান আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ মাজত সজাগতা বৃদ্ধি কৰা।
আমাৰ কাৰ্যসমূহ:
- আমাৰ হাতলৈ অহা সকলো ৰাজহুৱা লেখ অহৰহভাৱে গ্ৰহণ কৰা, ইয়াক সংগ্ৰহ কৰা আৰু শ্ৰেণী বিভক্ত কৰা।
- লেখসমূহ একগোট কৰা আৰু মূল্যাংকন কৰা।
- মিডিয়া বিষয়-বস্তু যেনে- সূচক, সাৰাংশৰ তালিকা, বিষয়বস্তুৰ তালিকা, বৰ্ণনাত্মক তালিকা, বিৱৰণাত্মক তালিকা ইত্যাদি প্ৰস্তুত কৰা।
- লেমিনেশন,পূৰ্ণ-লেপন, মানচিত্ৰসমূহৰ পটভূমি গঠন ইত্যাদি বিভিন্ন উপায়েৰে ভংগুৰ আৰু নষ্ট হ’বলৈ ধৰা লেখ বা ৰেকৰ্ডসমূহ মেৰামতি কৰা।
- লেখ সমূহৰ ৰাসায়নিক পৰীক্ষণ।
- মেৰামতি কৰা হোৱা লেখ আৰু মানচিত্ৰসমূহৰ আৰু কাৰ্য সম্পন্ন কৰা।
- লেখসমূহৰ ডিজিটেলকৰণ।
- লেখসমূহৰ মাইক্ৰ'ফিল্মিং প্ৰস্তুতকৰণ।
- প্ৰসংগ আৰু গৱেষণাৰ বাবে সৃষ্টিশীল এজেঞ্চি, চৰকাৰী বিভাগ, বিদ্যাৰ্থী গৱেষক আৰু সদাশয় সদস্যসকললৈ সুবিধা আগবঢ়োৱা।
নিৰ্দেশনা আৰু সাহাৰ্য্য:
- অসম ৰাজ্যিক অভিলেখাগাৰে তেওঁলোকৰ সৈতে যোগাযোগ কৰা বৃত্তিধাৰী, ছাত্ৰ-ছাত্ৰী, প্ৰশাসক আৰু সাধাৰণ লোকক তোঁলোকৰ কাৰ্যৰ বাবে সৰ্বোচ্চ সাহাৰ্য প্ৰদানৰ বাবে সংকল্পবদ্ধ।
- অসম ৰাজ্যিক অভিলেখাগাৰে ইয়াৰ গৱেষণা কক্ষ পৰিদৰ্শন কৰা বৃত্তিধাৰী ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসলক প্ৰতিক্ৰিয়া প্ৰদানৰ সুবিধা প্ৰদান কৰে।
- সকলো অনুৰোধ তলত দিয়া ঠিকনালৈ প্ৰেৰণ কৰিব পাৰি:
সঞ্চালক,
অসম ৰাজ্যিক অভিলেখাগাৰ
গণেশ মন্দিৰৰ সমীপত, গণেশগুৰি
ডাক: অসম সচিবালয়,
আৰ পি পথ, দিশপুৰ, গুৱাহাটী-৭৮১০০৬
মবাইল: ৯৪৩৫০ ১০৩৪৯, (০৩৬১) ২২৬১৮৮৯
ফেক্স: +৯১ ০৩৬১ ২২৬১৮৮৯
ই-মেইল: dir.darc@assam.gov.in
assamstatearchives13@gmail.com