অসম ৰাজ্যিক অভিলেখাগাৰত ১৮২৩ চনৰ পৰা ১৯৭৯ চনৰ ভিতৰৰ নথি পত্ৰসমূহৰ এক বৃহৎ সংগ্ৰহ আছে। এই সকলো নথি-পত্ৰসমূহ অভিলেখাগাৰ মানদণ্ড অনুসৰি প্ৰশাসন আৰু গৱেষকসকলৰ ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰা হৈছে।
ব্যৱহাৰকাৰীৰ সহজলভ্য হোৱাৰ বাবে কিছু নথি-পত্ৰৰ মেটা ডাটা বা কিছুমান নথি-পত্ৰৰ সূচনাসমূহ বিভাগীয় আৰু সময়ানুক্ৰমিক হিচাপে লাভ কৰাৰ ব্যৱস্থা কৰা হৈছে।