মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সচিবালয় প্ৰশাসন অভিলেখাগাৰ নিৰ্দেশালয়

অভিলেখীয় পুথিভঁড়াল

অসম ৰাজ্যিক অভিলেখাগাৰ পুথিভঁড়ালত প্ৰশাসনিক আৰু ঐতিহাসিক মহত্ত্ব সম্পন্ন দস্তাবেজৰ এক বিশাল সংগ্ৰহ আছে। এই পুথিভড়ালৰ এক প্ৰধান ভাগ ১৮৭৪ চনৰ পৰা বৰ্তমানলৈকে হোৱা বহুতো বিৱৰণ আৰু বহুতো চৰকাৰী নথি-পত্ৰৰে ভৰপূৰ হৈ আছে।

পুথিভড়ালত সন্নিৱিষ্ট ফাইল আৰু বিৱৰণসমূহৰ ব্যাপক সংগ্ৰহ এনেধৰণৰ-

প্ৰশাসনিক বিৱৰণলোকগণনা বিৱৰণ
অন্যান্য বিৱৰণসেৱাসমূহৰ ইতিহাস
নাগৰিক সূচীচাহ
সূচনা পত্ৰ(ভাৰত, অসম, কলিকতা)আইন
সংকেতপুৰণি পত্ৰিকা আৰু সংবাদ বিবৃত্তি
বিশেষ নিৱন্ধউদ্ভিদ আৰু প্ৰাণীজগতৰ নিৰীক্ষণ প্ৰতিবেদন
বিধানসভা বিতৰ্কনিয়মাৱলী
পুৰণি মানচিত্ৰ 

এই সামগ্ৰীসমূহ গৱেষক, ছাত্ৰ-ছাত্ৰী, সাধাৰণ নাগৰিকৰ পৰা আৰম্ভ কৰি প্ৰশাসন পৰ্যন্ত অতি মূল্যবান হিচাপে গ্ৰহণ কৰা হয়। এই দস্তাবেজসমূহ বিষয়গত ভাৱে আৰু অতি সুগম ৰূপত লাভ কৰিব পৰাকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে। সঞ্চালকালয়ে ‘কোহা’ নামৰ এক চফটৱেৰত পুথিভড়ালৰ সকলো কিতাপক কম্পিউটাৰাইজড কৰি ‘বাৰ ক’ড’ ৰ দ্বাৰা সজাই তোলাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

অনলাইন গ্ৰন্থাগাৰৰ তথ্য অনুসন্ধান কৰিবৰ বাবে ক্লিক কৰক-

Library